তিনিচুকীয়া, 8 আগষ্ট:তিনিচুকীয়াত সংঘটিত হৈছে আৰক্ষীৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ ঘটনা (Police Suicide case)৷ তিনিচুকীয়া সদৰ থানাৰ চাৰিসীমাৰ ভিতৰতে নিজৰ ছাৰ্ভিচ ৰিভলভাৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষী বিষয়া দীনকান্ত সোণোৱালে (Police Suicide case in Tinsukia)৷
তিনিচুকীয়া সদৰ থানাত যান বাহন আৰক্ষী বিষয়া ৰূপে নিয়োজিত হৈ আছিল দীনকান্ত সোণোৱাল । তিনিচুকীয়াৰ ধূলিজান লাইনা গাঁৱৰ বাসিন্দা আৰক্ষী বিষয়া গৰাকী ৷ এই ঘটনাৰ পিছতে আৰক্ষীৰ লোকে বিষয়াগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ বাবে বচাব নোৱাৰিলে আৰক্ষী বিষয়াগৰাকীক ৷ কৰ্তব্যপৰায়ণ আৰক্ষী বিষয়াগৰাকীয়ে কি কাৰণত এনে ঘটনা সংঘটিত কৰিলে ইয়াৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷