তিনিচুকীয়া,4আগষ্ট : মন্ত্ৰী, বিভাগ সকলো শুদ্ধ পাচে ভুল মাথো সংবাদ মাধ্যমৰ ৷ দেওবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ ৷
সকলো ভুল সংবাদ মাধ্যমৰঃ পিযুষ হাজৰিক ! - তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ
শুকুৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল দুজনকৈ জীৱিত ৰোগী ৷
![সকলো ভুল সংবাদ মাধ্যমৰঃ পিযুষ হাজৰিক !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4038939-thumbnail-3x2-ho.jpg)
উল্লেখ্যযোগ্য যে, শুকুৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল দুজনকৈ জীৱিত ৰোগী ৷ এই ঘটনাৰ পাছতে তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত্যু হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাছতেই দেওবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই সমগ্ৰ ঘটনাৰ বুজ লয় আৰু সাংবাদিকৰ আগত জনায় এয়া কোনো ডাঙৰ ঘটনা নহয় ৷ আনকি, কিছুমান সংবাদ মাধ্যমে ভুলকৈ বাতৰি পৰিবেশন কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ৷