অসম

assam

ETV Bharat / city

নিৰ্মূল হওক ড্ৰাগছ : জয় হওক ফুটবলৰ

তিনিচুকীয়া জিলাৰ পেঙেৰীত ড্ৰাগছ, কানি আৰু আন নিচাযুক্ত দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ বাবে সেনাই লৈছে অভিনৱ পদক্ষেপ । 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ।

'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

By

Published : Jul 19, 2019, 12:24 PM IST

পেঙেৰী, ১৯ জুলাই : যি সময়ত ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছকে অদি কৰি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ব্যপক হাৰত বৃদ্ধি পাইছে তেনে এক সময়তে যুৱ সমাজৰ কল্যাণৰ হকে সেনাৰ পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাৰৱাল ৰাইফালছৰ উদ্যোগত আয়োজন কৰা হয় 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " নামে এক ফুটবল প্ৰতিযোগিতা । এই পদক্ষেপে বৃহত্তৰ পেঙেৰী অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন নিয়ন্ত্ৰণৰ কৰিব বুলি সেনাই আশা প্ৰকাশ কৰে । সেনাৰ সূত্ৰই কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজত নিচামুক্তিৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লগতে গাঁৱৰ উঠি অহা প্ৰতিভাবান যুৱক সকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰিব পৰা যাব । পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই টুৰ্ণামেণ্টৰ ফাইনেল খেলখন যোৱা কালি অনুষ্ঠিত হৈ যায় । মুঠ ১৬টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ফাইনেল নাগাপথাৰ এফ চি বনাম খামংপথাৰ এফ চিৰ মাজত অনুষ্ঠিত হয় য'ত দুয়োটা দলে সমান গ'ল দিয়াত টাই ব্ৰেকাৰ পদ্ধতিৰে খামানপথাৰ এফ চি এ ৪-১ গ'লৰ ব্যৱধানত নগাপথাৰ এফ চি ক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে । খেলৰ শেষত মুখ্য অতিথি হিচাপে উপস্থিত থকা কামাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দৰ স্বনাই বিজয়ী দলক বঁটা প্ৰদান কৰে । প্ৰতিযোগিতাখনক লৈ অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় ।

নিপাত যাওক ড্ৰাগছ : জয় হওক ফুটবলৰ

ABOUT THE AUTHOR

...view details