অসম

assam

ETV Bharat / city

আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ডুমডুমাৰ হাপজানত ১৩ গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যই আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাপতি জনে নিজ খেয়াল-খুচিমতে কাম কৰাৰ অভিযোগ কৰে পঞ্চায়তৰ সদস্য সকলে ৷

Panchayat Members Protest Against Panchayat President At Dumduma
ডুমডুমাৰ হাপজানত আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ

By

Published : Aug 29, 2020, 10:33 PM IST

ডুমডুমা, 29 আগষ্টঃহাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১৬ খনকৈ পঞ্চায়তৰ ১৩ গৰাকী সদস্যই আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে । শুকুৰবাৰে ডুমডুমাৰ হাপজানত অনুষ্ঠিত কৰা এক সংবাদমেলত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰে হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১৩ গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যই ।

ডুমডুমাৰ হাপজানত আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ

প্ৰায় দুবছৰীয়া কাৰ্যকালত সভাপতি ৰূপকুমাৰ তাঁতীয়ে সদস্য সকলক আস্থাত নোলোৱাকৈ নিজ খেয়াল-খুচিমতে কামসমূহ কৰাৰ অভিযোগ কৰি সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলখনত উল্লেখ কৰে । উল্লেখযোগ্য যে, হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত দৈমুখীয়া, বাঘজন, দৈদামকে ধৰি মুঠ ১৬ টা পঞ্চায়তত হাপজান উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া হেৰী পৌল ফাৰ্ণাণ্ডেজে এম. জি. এনৰেগা আঁচনিত ১ কোটি ৩৩ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

এইক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ন্যস্ত স্বাৰ্থ জড়িত লোকৰ প্ৰৰোচনাত পৰি এনে কাৰ্য কৰাৰ অভিযোগ কৰিছে এই সকল সদস্যই । আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে আন কেতবোৰ অভিযোগ আনি তেওঁৰ বিৰুদ্ধে মুঠ ১৬ গৰাকী সদস্যৰ ১৩ গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে । ইফালে, সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে হেঁচা দিয়াৰ লগতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া বুলি উত্থাপিত হোৱা অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে ।

লগতে পঢ়ক- হাফলঙত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details