অসম

assam

By

Published : Nov 28, 2019, 5:05 AM IST

ETV Bharat / city

মটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমান্তৰালকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে মটক যুৱ ছাত্ৰৰ জোৰ সমদল ৷ আমছুৰ হুংকাৰ কোনো কাৰণত অবৈধ বিদেশীৰ বোজা নলয় অসমে ৷

মটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া
মটক যুৱ ছাত্ৰ-আমছুৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

তিনিচুকীয়া, 27 নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদেৰে বুধবাৰে উত্তাল হল তিনিচুকীয়া চহৰ ৷ কেব আৰু জনজাতিকৰণক লৈ ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ মাজতে তিনিচুকীয়াত পৃথকে পৃথকে এই প্ৰতিবাদ কাৰ্যসূচী হাতত ললে মটক যুৱ ছাত্ৰ সন্মিলন আৰু সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে ৷ বুধবাৰে বিয়লি জাতিধংসী কেবৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াৰ সদৰ থানা চাৰিআলিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বাহিৰ কৰিলে এক জোৰ সমদল ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে চহৰখনৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে দাবী কৰে অতি শীঘ্ৰে মটক জনগোষ্ঠীৰ জনজাতিকৰণ ৷ প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়াই প্ৰতিবাদকাৰী সকলৰ হৈ ছাত্ৰ নেতা ধৰণি গোহাঁইয়ে সাংবাদিকৰ আগত কয় যে মটকসকল অসমৰ ভূমিপুত্ৰ যদিহে অতি শীঘ্ৰে মটকসকলৰ জনজাতিকৰণ নহয় তেনেহলে গঢ়ি তুলা হব ব্যাপক গণ আন্দোলন ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে মটক যুৱ ছাত্ৰৰ জোৰ সমদল

ইফালে, একেদিনাই জাতিধংসী কেবৰ বিৰুদ্ধে ৰাজপথ কপালে সংখ্যলঘু ছাত্ৰ সংগঠন আমছুৱে ৷ একে সময়তে কেব বাতিলৰ দাবীত সংগঠনটোৱে বাহিৰ কৰিলে আন এক জোৰ সমদল ৷ আমছুৰ প্ৰতিবাদকাৰীসকলৰ স্পষ্ট মত, " অসমে কোনো কাৰণতে গ্ৰহণ নকৰে অবৈধ বাংলাদেশীৰ বোজা" ৷

আমছুৰ হুংকাৰ কোনো কাৰণতে অবৈধ বিদেশীৰ বোজা নলয় অসমে

আৰু পঢ়ক:ফিল্ম ফেয়াৰে নকৰে অসমৰ পৰ্যটনৰ বিকাশঃ দিলীপ নাথ

ABOUT THE AUTHOR

...view details