শদিয়া, 29 অক্টোবৰ : ন-দিহিং নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাঁহখাটি গাঁও পঞ্চায়তৰ বিভিন্ন সমস্যা সন্দৰ্ভত বৃহস্পতিবাৰে ছাত্ৰ সংগঠন দুটাই এখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰক এই দাবী জনায় ৷ মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই স্থানীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে এই সংবাদমেল ৷
সংবাদমেলত গৰাখহনীয়া ৰোধৰ লগতে ওপৰ লাউপানীৰ পৰা ডিৰাক চুমনিলৈকে মথাউৰিৰ আধাৰুৱা কাম সম্পূৰ্ণ কৰা, হাঁহখাটি নেপালী গাঁৱৰ পৰা ডিৰাক চাৰিআলিলৈ যোৱা গড়কাপ্তানী পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা, হাঁহখাটি পঞ্চায়তৰ অধীনস্থ খেতি পথাৰতসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰক দাবী জনায় ৷ ইয়াৰ উপৰি টেঙাপানী ন-দিহিং নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰা, বজালতলি গাঁৱৰ বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় চৰকাৰীকৰণ, ডিৰাক মুখত মধ্য আৰু উচ্চ বিদ্যালয় নিৰ্মাণ, ডিৰাক মুখ বনগাঁৱৰ খেলপথাৰত চাহ জনগোষ্ঠীৰ কলা-কৃষ্টি কেন্দ্ৰ স্থাপন কৰাৰ লগতে বাগানৰ মাটিসমূহ বসতি মানুহৰ নামত নামজাৰি কৰাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনায় সংগঠন দুটাই ৷