অসম

assam

ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে মুখৰিত মাৰ্ঘেৰিটাৰ ৰাজপথ - মাৰ্ঘেৰিটা

মাৰ্ঘৰিটাৰ বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ লগতে বিজেপি চৰকাৰক কটু সমালোচনা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

By

Published : Apr 3, 2019, 6:01 PM IST

মাৰ্ঘেৰিটা, 3 এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বৃহস্পতিবাৰে মাৰ্ঘেৰিটালৈ আহিব ৰাজ্যৰ গড়কাপ্তানী তথা বিত্ত মন্ত্ৰী ড0 হিমন্তু বিশ্ব শৰ্মা । মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হ'ল মাৰ্ঘেৰিটাৰ চৌপাশ ৷ মাৰ্ঘেৰিটাৰ পৰা লিডুলৈকে বিধ্বস্ত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণকৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৷

মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লিডু ৰে'লৱে ৰংগমঞ্চত সংগঠনটোৱে ৰূপায়ণ কৰা এই ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা সাধাৰণ সম্পাদক কাঞ্চন বৰাই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থাৰ ফলত সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভুগি অহাৰ কথা উল্লেখ কৰি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা,সাংসদ ৰামেশ্বৰ তেলী আৰু গড়কাপ্তানীমন্ত্ৰীক কটু সমালোচনা কৰে । শীঘ্ৰেই যদি বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

ABOUT THE AUTHOR

...view details