অসম

assam

By

Published : Sep 12, 2019, 6:48 AM IST

ETV Bharat / city

কাকপথাৰত তিনিদিনীয়া কৰম সন্মিলনৰ সফল সামৰণি

তিনিচুকীয়া জিলাৰ কাকপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰম সন্মিলনৰ সফল সামৰণি পৰে ৷ মুকলি সভাত বিভিন্ন জাতীয় - জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দ, ৰাজনৈতিক নেতাই ভিৰ কৰা পৰিলক্ষিত হয় ৷ তিনিওটা দিনৰ কাৰ্যসূচীত প্ৰায় দহ হাজাৰ লোকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

কাকপথাৰত তিনিদিনীয়া কৰম সন্মিলনৰ সফল সামৰণি

শদিয়া, 11 ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰম সন্মিলনৰ সফল সামৰণি পৰে ৷ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পনৰ পিছতেই বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কৰম সন্মিলনৰ শেষৰ দিনা বিভিন্ন প্ৰতিযোগিতাৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত বিভিন্ন জাতীয় - জনগোষ্ঠীয় সংগঠনৰ নেতৃবিন্দ, ৰাজনৈতিক নেতাই ভিৰ কৰা পৰিলক্ষিত হয় ৷ অতিজৰে পৰা চলি অহা আদিবাসী সকলৰ এই কৃষিভিত্তিক কৰম পৰ্বই অসমত বসবাস কৰা সকলো জাতি - জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰে বুলি উল্লেখ কৰে উপস্থিত বক্তাসকলে ৷

কাকপথাৰত তিনিদিনীয়া কৰম সন্মিলনৰ সফল সামৰণি

লগতে চাহ জনগোষ্ঠীয়ে যেনেকৈ বিহুক আকোঁৱালী লৈছে তেনেকৈ কৰম পৰ্বকো সকলো জনগোষ্ঠীৰ লোকে আকোঁৱালি ল'লে অসমত বসবাস কৰা সকলো অসমীয়া একত্ৰিত হ'ব বুলি মত প্ৰকাশ কৰে উপস্থিত বক্তাসকলে ৷ সভাত আছু, যুৱ - ছাত্ৰ পৰিষদকে আদি কৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ লগত হাতে হাত মিলাই আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে ৷ মুকলি সভাৰ অন্ত পৰাৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিওটা দিনৰ কাৰ্যসূচীত প্ৰায় দহ হাজাৰ লোকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

ABOUT THE AUTHOR

...view details