অসম

assam

ETV Bharat / city

ডিৰাক-চুমনি বান্ধৰ স্থায়ী সমাধান বিচাৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ - etv bharat

ডিৰাক-চুমনি নদী বান্ধৰ বিষয়টো ৰাজনৈতিক নেতাসকলে কেৱল ভোট গ্ৰহণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা কাৰ্যক নিন্দা প্ৰতিবাদকাৰীৰ ৷

etv bharat

By

Published : Apr 6, 2019, 11:06 PM IST

ডুমডুমা, 6 এপ্ৰিলঃ ডিৰাক-চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধান বিচাৰি শনিবাৰে কাকপথাৰৰ ডিৰাকত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে এফালে নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ সমান্তৰালকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ব্যৰ্থ হোৱা ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ জনসাধাৰণে ৷ উল্লেখ্য যে, 1992 চনতেই ডিৰাক-চুমনি নদী বান্ধটো ভাঙি প্ৰায় 133খন গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল ৷ কিন্তু আজি পৰ্যন্ত স্থায়ী সমাধান নাপালে ভুক্তভোগী ৰাইজে ৷

ডিৰাক-চুমনি বান্ধৰ স্থায়ী সমাধান বিচাৰি ডিৰাকত প্ৰতিবাদ


স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয়-বিনুনয় কৰাৰ পাচতো বান্ধটোৰ স্থায়ী সমাধান প্ৰদান কৰাত অসমৰ্থ হোৱাত ক্ষুভিত হৈ অৱশেষত প্ৰতিবাদত নামি পৰিল স্থানীয় ৰাইজ ৷ ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ আহ্বানত শনিবাৰে নিশা ডিৰাক-চুমনি বান্ধৰ পৰা জোঁৰ সমদল উলিয়াই অঞ্চলটোৰ প্ৰতি ঘৰৰ পদুলিয়ে-পদুলিয়ে অৱস্থান কৰে গৈ প্ৰতিবাদকাৰী সকলে ।


ইফালে, বান্ধটোৰ বিষয়ে সমাধান বিচাৰি ৰাইজে সাংসদ প্ৰদান বৰুৱাৰ কাষ চপাত তেওঁ "এইবাৰ বানপানী নহয়" বুলিহে টুলুঙা মন্তব্য কৰা বুলি প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে ৷ বান্ধটো নিৰ্মাণৰ বাবে সময়ত চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰো অভিযোগ অঞ্চলবাসীৰ৷ বান্ধটোৰ নিৰ্মানৰ উচিত সমাধানৰ প্ৰতি আওকান কৰি বিষয়টো কেৱল নিৰ্বাচনত ভোট লাভৰ অস্ত্ৰ হিচাপেহে ৰাজনৈতিক দলসমূহে ব্যৱহাৰ কৰাৰ কাৰ্যক নিন্দা কৰাৰ লগতে শীঘ্ৰে বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details