অসম

assam

By

Published : Jan 11, 2022, 10:29 AM IST

Updated : Jan 11, 2022, 12:18 PM IST

ETV Bharat / city

Journalist Bikash Moran Commits suicide : তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

সাংবাদিক বিকাশ মৰাণৰ আত্মহনন (Journalist Bikash Moran Commits suicide) ৷ সোমবাৰে নিশা প্ৰায় 11 মান বজাত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে সাংবাদিকগৰাকীয়ে । মৰাণৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

senior-journalist-bikash-moran-passed-away
তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন…

তিনিচুকীয়া, 11 জানুৱাৰী :উজনি অসমৰ সাংবাদিক বিকাশ মৰাণ আৰু নাই । সোমবাৰে নিশা প্ৰায় 11 মান বজাত ঘৰতে নিজৰ পিষ্টলৰে মূৰত দুই জাঁই গুলী কৰি আত্মহননৰ দৰে জীৱনৰ চূড়ান্ত পথ বাচি লয় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে (Journalist Bikash Moran Commits suicide) ।

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন…

কিন্তু কিহৰ কাৰণে সাংবাদিকগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল, তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । এই ঘটনাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সাংবাদিক গৰাকীয়ে আত্মহত্যাৰ বাবে ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰে ৷ তদুপৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

বিভিন্ন ধৰণৰ সামাজিক কাম-কাজত জড়িত থকা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদ মহলত শোকৰ ছাঁ পৰে ৷ কেইবাটাও ছেটেলাইট চেনেলৰ লগত জড়িত সাংবাদিক মৰাণে বিভিন্ন সময়ত সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আদিৰ দৰে দল-সংগঠনসমূহৰ লগত জড়িত আছিল ৷

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

মৃত্যুৰ সময়ত মাতৃ, পত্নী সহ দুই কন্যা আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যায় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ৷ তিনিচুকীয়া আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ এই ৰহস্যজনক আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা

লগতে পঢ়ক :আৰক্ষী অধীক্ষকৰ সন্মিলনেই মাতিলে নেকি বিপদ ; ক’ভিডত আক্ৰান্ত ৰাজ্যৰ বহু শীৰ্ষ আৰক্ষী বিষয়া

Last Updated : Jan 11, 2022, 12:18 PM IST

ABOUT THE AUTHOR

...view details