অসম

assam

By

Published : Oct 20, 2019, 7:43 PM IST

ETV Bharat / city

ৰাইজৰ সঁহাৰি বিচাৰি কাকপথাৰৰ ৰোগাক্ৰান্ত কিশোৰ

চেন্নাইস্থিত খ্ৰীষ্টিয়ান মেডিকেল কলেজত চিকিৎসাধীন প্ৰতিভাৱান কিশোৰ ৷ সহায়ৰ বাবে অভিভাৱকৰ কাতৰ আহ্বান ৷

ill boy seeks help kakpathar Tinisukia

তিনিচুকীয়া, 20 অক্টোবৰ: কাকপথাৰৰ এগৰাকী মৰমলগা কিশোৰ ৷ কিশোৰজনৰ প্ৰিয় সংগীত ৷ হাতত গীটাৰ লৈ সংগীত সাধনা কৰাৰ মন এই মৰমলগা কিশোৰজনৰ ৷ সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিশোৰজনৰ কিছু ভিডিঅ' ৷ হাতত গীটাৰ লৈ গাই থকা অসমীয়া,হিন্দী - বিভিন্ন গীতৰ ভিডিঅ'ৰ দৃশ্যাংশ ৷ কিন্তু নিয়তিৰ বিধিয়ে যেন আগুচি ধৰিলে বাট ৷ কাকপথাৰৰ এই কিশোৰজনৰ নাম ঋষৱ দত্ত ৷

বৰ্তমান ডুমডুমা ডনবস্ক'ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ঋষৱ দত্ত আক্ৰান্ত হৈছে -"APLASTIC ANEMIA" নামৰ দুৰাৰোগ্য ৰোগত ৷ বিগত দুটা বছৰ ধৰি চেন্নাইস্থিত খ্ৰীষ্টিয়ান মেডিকেল কলেজত চিকিৎসা গ্ৰহণ কৰি থাকিবলগীয়া হৈছে ঋষৱে ৷ তিনিচুকীয়া জিলাৰ ১ নং কাকপথাৰ গন্ধৈগুৰি গাঁৱৰ নিৱাসী অভিজিত দত্ত আৰু জুৰি নাথ দত্তৰ একমাত্ৰ সন্তান ঋষৱে ২০১৯ বৰ্ষত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজৰ মেধাৰো প্ৰমাণ দিছিল ৷

ৰোগাক্ৰান্ত কিশোৰৰ পিতৃ-মাতৃৰ ৰাইজলৈ সহায় ভিক্ষা

শেহতীয়াকৈ চিকিৎসকে অহা পোন্ধৰ নবেম্বৰৰ ভিতৰত কিশোৰজনৰ ব’ন মে’ৰ সংৰোপনৰ পৰামৰ্শ আগবঢ়াইছে ৷ চিকিৎসকে চিকিৎসাৰ ব্যয় ৩৫ লাখৰ পৰা ৫৫ লাখলৈ বুলি জানিবলৈ দিছে ৷ ইতিমধ্যে চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱাই পেলোৱা ছাত্ৰজনৰ অভিভাৱকৰ ইমান বৃহৎ পৰিমাণৰ ধনৰ কথা শুনি বিবুধিত পৰিছে কিশোৰজনৰ অভিভাৱকদ্বয় ৷ উপায়ন্তৰ হৈ অভিভাৱকে সহায়ৰ বাবে অনুৰোধ কৰিছে চৰকাৰ, শিল্পী সমাজ তথা সমগ্ৰ অসমবাসীলৈ ৷ আহকচোন, কিশোৰজনৰ আৰোগ্যৰ বাবে আমিও যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়াওঁ ৷ ইচ্ছুক ব্যক্তিয়ে নিম্নোলিখিত ধৰণে কিশোৰজনলৈ সহায়ৰ হাত আগবঢ়াব পাৰে ৷

ABHIJIT DUTTA

State Bank Of India

Rupai Siding Branch

A/C No-20375902730

IFSC Code-SBIN0017252

GOOGLE PAY No- 9707885936

ABOUT THE AUTHOR

...view details