অসম

assam

By

Published : Jun 11, 2019, 4:09 PM IST

ETV Bharat / city

বুটমাহত বিষক্ৰিয়া হৈ মৃত্যু এটি শিশুৰ

শদিয়াত বুটমাহত বিষক্ৰিয়া হৈ মনু পেগু নামৰ এটি শিশু মৃত্যুমুখত পৰে

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

শদিয়া,১১জুন : শদিয়াত বুটমাহত বিষক্ৰিয়া হৈ মৃত্যু এটি শিশুৰ। শিশুটিৰ নাম মনু পেগু। উল্লেখ্য যে, যোৱা ৭ জুনত অমৰপুৰৰ জিতেন কুটুম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত নাম-কীৰ্তন আয়োজন কৰা হৈছিল। শতাধিক লোকে এই নাম-কীৰ্তনৰ বুটমাহৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল । অসুস্থ হৈ পৰা লোকসকলক প্ৰথমে চাপাখোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বেছিকৈ অসুস্থ হৈ পৰাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰ পাছত শিশুটি অধিক অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও মৃত্যুমুখত পৰে শিশুটি।

বুটমাহত বিষক্ৰিয়া হৈ নিহত এটি শিশু

ABOUT THE AUTHOR

...view details