টিংখাং,1 নৱেম্বৰ : মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টিংখাংবাসী ৰাইজে ৷ সামাজিক দায়বদ্ধতাৰ পৰিচয় দি টিংখাংবাসীয়ে সহায়ৰ হাত আগবঢ়াইছে দেৱালীৰ নিশা ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা টিংখাঙৰ লাটুমনি গাঁৱৰ ৰঞ্জিত অভয়পুৰীয়াক ৷ সোমবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হৈ গৈছিল ৰঞ্জিত অভয়পুৰীয়াৰ হেঁপাহৰ ঘৰখন ৷ এই ভয়ংকৰ ঘটনাৰ পাচতে শাক-পাচলি বেপাৰ কৰি জীৱন নিৰ্বাহ কৰা অভয়পুৰীয়াৰ চাৰিজনীয়া পৰিয়ালটোলৈ নামি আহিছিল ঘোৰ অমানিশা ৷ ব্যৱসায়ৰ লগত জড়িত দুখনকৈ বাহন,ঘৰৰ সমগ্ৰ আচবাব,সা-সৰঞ্জাম আৰু প্ৰয়োজনীয় সকলো নথি-পত্ৰ ভস্মীভূত হৈছিল ৷
টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : আৰ্তজনলৈ সহায়ৰ হাত - আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়ালে টিংখাংবাসীয়ে
টিংখাঙত দেৱালীৰ নিশা অগ্নিকাণ্ডত সৰ্বস্বান্ত এজন লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় ৰাইজ তথা টিংখাংবাসী ৷
![টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : আৰ্তজনলৈ সহায়ৰ হাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4926211-thumbnail-3x2-ti-2.jpg)
ৰঞ্জিত অভয়পুৰীয়াক স্থানীয় ৰাইজৰ সহায়ৰ হাত
টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন
আকস্মিক দুৰ্ঘটনাটোত একপ্ৰকাৰ হতভম্ব পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিল সহৃদয়বান স্থানীয় গাঁওবাসীৰ লগতে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ৷ কোনোৱে যদি নগদ ধন দিছে,কোনোৱে বাঁহ,টিনপাত,কাপোৰ,চকী-মেজ আদি প্ৰদান কৰিছে পৰিয়ালটোক ৷ নিৰাশ্ৰয় হৈ পৰা পৰিয়ালটোক এটা ঘৰ সাজি দিবৰ বাবে ৰাইজে শ্ৰমদান কৰাও পৰিলক্ষিত হয় ৷ ৰাইজৰ এনে নিস্বাৰ্থ মৰম-চেনেহ,সহায় লাভ কৰি অভিভূত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। ইয়াৰ ফলত পৰিয়ালটোৱে হেৰুৱা মনোৱল ওভতাই পোৱাৰ লগতে লাভ কৰিছে জীয়াই থকাৰ সম্বল ।