অসম

assam

ETV Bharat / city

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আটছাই - নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ - ছাত্ৰী

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আটছাৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে । ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাৰ সদস্যসকলে ।

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

By

Published : Jul 19, 2019, 11:19 PM IST

মাৰ্ঘেৰিটা, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মহাবিদ্যালয় সমূহত ছাত্ৰ - ছাত্ৰীৰ নামভৰ্তিক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰিলে আটছাই । উল্লেখ্য যে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষনাৰ বহু মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত সাতশৰো অধিক ছাত্ৰ - ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু পেঙেৰী শাখাই শুকুৰবাৰে যুটীয়াভাৱে ডিগবৈৰ ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শিক্ষা বিভাগক নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । অতিশীঘ্ৰে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ - ছাত্ৰীক নামভৰ্তিৰ ব্যৱস্থা কৰি নিদিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।

ABOUT THE AUTHOR

...view details