ডুমডুমা, 15 নৱেম্বৰ :তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমিষ্টিৰ অন্তৰ্গত বাদলাভেটাৰ-দুৱাৰমৰা সংযোগী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বি.বি.এন্টাৰপ্ৰাইজ নামৰ নিৰ্মাণৰ দায়িত্হ লাভ কৰা প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৭,২৫,৫৫,৭২৬ টকা ব্যয় সাপেক্ষে বাদলাভেটাৰ-দুৱাৰমৰালৈ প্ৰায় ১০ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মাটিৰ ওপৰতেই ব্লেকটেপিং দিয়াৰ বাবেই পথছোৱা চকলা চকলকৈ এৰাই যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ পৰিপেক্ষিতত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নচমুকৈ আমছুৰ লগতে স্থানীয় ৰাইজে পথটোৰ নিৰ্মাণকাৰী সংস্থাৰ লগতে অভিযন্তা উপস্থিত হৈ নিৰ্মাণ কাৰ্যৰ তদাৰক নকৰা পৰ্যন্ত পথৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত চলা এই দুৰ্নীতিৰ তদন্ত কৰিব কোনে ? গড়কাপ্তানী বিভাগক শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷
তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি! - বি.বি.এন্টাৰপ্ৰাইজ
তিনিচুকীয়াৰ ডুমডুমা সমষ্টিৰ বাদলাভেটা-দুৱাৰমৰাত পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ । বি.বি.এন্টাৰপ্ৰাইজ নামৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
![তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5069113-thumbnail-3x2-pb.jpg)
তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
আৰু পঢ়ক : চিৰাঙৰ বিজনীত পথ নিৰ্মাণত দুৰ্নীতি