অসম

assam

ETV Bharat / city

ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট - ড৹ ভূপেন হাজৰিকা সেতু

ধলা-শদিয়া দলঙৰ 182 নম্বৰৰ খুঁটাত ফাঁট (Dhola Sadiya bridge cracked) ৷ ধলা-শদিয়া দলংত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । দুদিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি অভিযন্তাৰ ৷

ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট
ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট

By

Published : May 18, 2022, 7:54 AM IST

শদিয়া, 18 মে’:ধলা-শদিয়া সংযোগী ড৹ ভূপেন হাজৰিকা সেতুত ফাঁট (Dhola Sadiya bridge cracked) ৷ দলঙখনৰ 182 নম্বৰৰ খুঁটাটোত ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ ধলা-শদিয়া দলঙৰ শদিয়া প্ৰান্তত ঘাইপথ আৰু দলঙৰ মূল প্লেটৰ সংযোগ স্থলতেই হৈছে এই অঘটন (Dhola Sadiya bridge in Assam)৷ দলংখনত ফাঁট মেলাৰ খবৰ লাভ কৰাৰ লগে লগেই কলকাতাৰ পৰা বিশেষজ্ঞৰ দল আহি পৰ্যবেক্ষণ কৰি ফাঁটটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে ৷

ধলা-শদিয়া দলংত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । ইতিমধ্যে প্ৰায় 50 শতাংশ মেৰামতি সম্পূৰ্ণ হৈছে দলংখনৰ ফাঁটটোৰ ৷ বিভাগীয় অভিযন্তাই জনোৱা মতে, নিয়মীয়াভাৱে এই দলঙৰ পৰিদৰ্শনৰ কাম চলি থাকে আৰু যি বিসংগতিয়ে দেখা দিছে সেয়া দুদিনৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা হ’ব ৷ সংযোগ প্লেটখনত কিছু ফাঁট মেলাৰ পাচতেই তলৰ খুটাটোলৈ এই ফাঁট সম্প্ৰসাৰিত হয় বুলি অভিযন্তাগৰাকীয়ে জনাইছে ৷

উল্লেখ্য যে, 2017 চনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা এছিয়াৰ দীৰ্ঘতম দলংখনত নিৰ্মাণৰ পাঁচ বছৰৰ ভিতৰতে ফাঁট মেলা বিষয়টো তাৎপৰ্যপূৰ্ণ ৷ বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নদী-উপনদী সমূহৰ জলস্তৰ বৃদ্ধি পাইছে ৷ বহুস্থানত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ৷ নৈৰ জলস্তৰ বৃদ্ধিৰ বাবেও দলংখনৰ খুঁটাত ফাঁট মেলাৰ সন্দেহ কৰিছে একাংশই ৷

লগতে পঢ়ক:বৰষুণৰ বাবে স্থগিত মথাউৰি নিৰ্মাণৰ কাম: চৰকাৰৰ বিৰুদ্ধে ঠিকাদাৰৰ ক্ষোভ

ABOUT THE AUTHOR

...view details