তিনিচুকীয়া,7 জুলাই : তিনিচুকীয়া জিলাৰ মাকুমৰ টিংৰাই নৈত সন্ধানহীন হৈছে এজন ঠিকাদাৰ ৷ সন্ধানহীন ঠিকাদাৰ গৰাকী মাকুম টেঙাপানী পথৰ অনন্ত মৰাণ বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ তথ্য অনুসৰি, মঙলবাৰে দিনৰ ভাগত ঠিকাদাৰ অনন্ত মৰাণ আৰু টেঙাপানী গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা পল্লৱী ভৰালীয়ে মাকুম খেৰবাৰীত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোগনাৰ গৃহ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ যাওঁতে কলৰ ভূৱেৰে টিংৰাই নদী পাৰ হৈছিল ৷ নদী পাৰ হোৱাৰ সময়তে হঠাৎ কনিষ্ঠ অভিযন্তা পল্লৱী ভৰালী আৰু অনন্ত মৰাণ কলৰ ভূৰৰ পৰা পৰি যায় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে তৎপৰতাৰে অভিযন্তা পল্লৱী ভৰালীক নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে ঠিকাদাৰ অনন্ত মৰাণ ।
টিংৰাই নৈত সন্ধানহীন ঠিকাদাৰঃ কথমপি উদ্ধাৰ কনিষ্ঠ অভিযন্তা - Tingrai River Tinisukia Dist
টিংৰাই নদীত অঘটন । সন্ধানহীন মাকুম টেঙাপানী পথৰ ঠিকাদাৰ অনন্ত মৰাণ । মাকুম খেৰবাৰীত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোগনাৰ গৃহ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিবলৈ যাওঁতেই সংঘটিত হয় অঘটন ।
Contractor Missing Tingrai River
ইতিমধ্যে ঘটনাস্থলীত NDRF ৰ এটা বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই অনন্ত মৰাণ ৷ ঘটনাস্থলীত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰাৰ লগতে উদ্ধাৰ অভিযান তদাৰক কৰি থকাৰ বিষয়ে জানিব পৰা গৈছে ৷
উল্লেখ্য যে, নদীৰ ইপাৰ-সিপাৰ হ'বলৈ সেই স্থানত এখনো দলং নোহোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷