অসম

assam

ETV Bharat / city

লখিমপুৰত কংগ্ৰেছৰ বিজয় নিশ্চিতঃ অনিল বৰগোহাঁই - লোকসভা সমষ্টি

ডুমডুমাবাসীৰ সমস্যা দূৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি সমষ্টিটোৰ প্ৰাৰ্থী অনিল বৰগোহাঁইৰ ৷

লখিমপুৰত কংগ্ৰেছৰ বিজয় নিশ্চিত

By

Published : Mar 23, 2019, 8:14 PM IST

তিনিচুকীয়া, 23 মাৰ্চ : 14 নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁইকডুমডুমা ৰাজীৱভৱনত উষ্ম আদৰণি ৷ বাইক ৰেলীৰে কংগ্ৰেছ কর্মীসকলে ডুমডুমালৈ আদৰণি আনে বৰগোহাঁইক ।

লখিমপুৰত কংগ্ৰেছৰ বিজয় নিশ্চিত
ডুমডুমাৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগত এক মত বিনিময়ত অনুষ্ঠানতো অংশগ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে উক্ত মত বিনিময় অনুষ্ঠানতে ডুমডুমাবাসীৰ সমস্যা দূৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও মত প্ৰকাশ কৰে অনিল বৰগোহাঁইয়ে ৷

ABOUT THE AUTHOR

...view details