বিধায়ক দুৰ্গা ভূমিজে অংগনবাড়ী কৰ্মীক বিতৰণ কৰিলে মোবাইল ফোন - বিধায়ক দুৰ্গা ভূমিজে অংগনবাড়ী কৰ্মীক বিতৰণ কৰিলে মোবাইল ফোন
তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে আজি সমষ্টিটোৰ অন্তৰ্গত ৩৫০ গৰাকী অংগনবাড়ী কৰ্মী সকলৰ মাজত মোবাইল ফোন বিতৰণ কৰে ।
তিনিচুকীয়া, 16 মাৰ্চ : তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে আজি সমষ্টিটোৰ অন্তৰ্গত ৩৫০ গৰাকী অংগনবাড়ী কৰ্মী সকলৰ মাজত মোবাইল ফোন বিতৰণ কৰে । ডুমডুমাৰ ৰূপাই বিজয়নগৰত অনুষ্ঠিত হোৱা এক সভাত অংগনবাড়ী কৰ্মীসকলক মোবাইল ফোনসমূহ বিতৰণ কৰা হয় । সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে উল্লেখ কৰা অনুসৰি, চৰকাৰে অংগনবাড়ী কৰ্মীসকলক দিয়া মোবাইল ফোনসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা কিছুমান নিয়মক লৈ বিধায়কগৰাকী অসন্তুষ্ট যদিও মোবাইল ফোনসমূহে অংগনবাদী কৰ্মীসকলক কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰধান কৰিব ৷
TAGGED:
Budget Impact