টিংখাং, 8 অক্টোবৰ : টিংখাঙৰ বিধায়ক বিমল বৰাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি নিজ সমষ্টিবাসীক উপহাৰ হিচাপে প্ৰদান কৰিছে একোটাকৈ বাঁহৰ ঝাৰু । স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নৱমীৰ সন্ধিয়া টিংখাং-ৰাজগড়ৰ বিভিন্ন পূজা মণ্ডপে-মণ্ডপে গৈ দেৱীৰ আশিষ লোৱাৰ লগতে পূজা কমিটি আৰু ব্যৱসায়ীসকলৰ মাজত বাঁহৰ ঝাৰু বিতৰণ কৰে বিমল বৰাই ৷
স্বচ্ছ ভাৰতৰ সৈতে সংগতি ৰাখি টিংখাঙৰ বিধায়কৰ বিশেষ পদক্ষেপ - ধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযান
টিংখাঙৰ বিধায়ক বিমল বৰাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি নিজ সমষ্টিবাসীক উপহাৰ হিচাপে প্ৰদান কৰিছে একোটাকৈ বাঁহৰ ঝাৰু ৷
বিমল বৰাৰ ঝাৰু বিতৰণ
দেৱী বিসৰ্জনৰ পাছত পূজা মণ্ডপসমূহ অপৰিষ্কাৰ হৈ পৰে বাবে বিধায়কগৰাকীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ঝাৰু বিতৰণ কৰি সকলোকে নিজৰ নিজৰ পূজাস্থলীসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাই বিধায়ক বিমল বৰাই ।