অসম

assam

ETV Bharat / city

এইবাৰ অৰুণাচলত সুধাকন্ঠৰ প্ৰতিমূৰ্তি - Bhupen Hazarika

অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ অঞ্চলত নিৰ্মাণ হৈ আছে সুধাকন্ঠৰ প্ৰতিমূৰ্তি ৷ অহা 8 চেপ্তেম্বৰত উন্মোচন কৰা হ'ব প্ৰতিমূৰ্তি ৷

এইবাৰ অৰুণাচলত সুধাকন্ঠৰ প্ৰতিমূৰ্তি

By

Published : Aug 12, 2019, 3:53 PM IST

শদিয়া, 12 আগষ্ট: অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত চলি থকা সুধাকন্ঠ ভাৰত ৰত্ন ড' ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত ৷ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ গঢ়িবলৈ এই প্ৰচেষ্টা হাতত লৈছে সুধাকণ্ঠৰ কিছু অনুৰাগীয়ে। পথাৰ শিল্পী হিচাপে খ্যাত লোহিত গগৈ,অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী কমেলি মছাং,আৰ কে এম এম ছচাইটিৰ সম্পাদক অৰূপ চৌধুৰী,ড' ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি মনিশ লিম্বুৰ নেতৃত্বত নিৰ্মাণ হৈ থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তি অহা ৮ ছেপ্টেম্বৰত অনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ব বুলি অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কমেলি মছাঙে জানিবলৈ দিয়ে ৷

এইবাৰ অৰুণাচলত সুধাকন্ঠৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details