অসম

assam

ETV Bharat / city

অপহৃতৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাইক ৰেলী

আজিও নাই অপহৃতৰ সন্ধান ৷ শংকৰ চাহ বাগিচাৰ স্বতাধিকাৰীৰ প্ৰতিকৃতি দাহ ।

অপহৃতৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাইক ৰেলী

By

Published : Oct 17, 2019, 10:53 PM IST

তিনিচুকীয়া,17 অক্টোবৰ: তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৰণ কাণ্ডই ৬ দিন অতিক্ৰম কৰাৰ পাচতো উদ্ধাৰ হোৱা নাই বাগিচাখনৰ অপহৃত হেড ফিটাৰ গৌৰাংগ দেৱ। বৃহস্পতিবাৰে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে ধলাগাঁও তিনিআলিত বাইক ৰেলী অনুষ্ঠিত কৰি বাগিচাখনৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ লগতে বাগিচাখনৰ হেড ফিটাৰ গৌৰাংগ দেৱক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী জনাই বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে তালাপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

শংকৰ চাহ বাগিচাত সংঘটিত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে বাগিচাখনৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক অপহৰণ কাণ্ডৰ তদন্তলৈ অনাৰো দাবী কৰে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে। অন্যথা পৰৱৰ্তী সময়ত পথ অৱৰোধ,তিনিচুকীয়া জিলা বন্ধৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰো ভাবুকি প্ৰদান কৰে সংগঠনটোৱে ৷

তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী বাইক ৰেলী

ABOUT THE AUTHOR

...view details