শদিয়া, 30 জুনঃ তিনিচুকীয়াৰ ধলা-ডাঙৰীৰ শ্বহীদ প্ৰদীপ দত্তৰ মাতৃৰ আদ্য-শ্ৰাদ্ধত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণজ্যোতি গগৈ ৷ সাংবাদিকৰ আগত শ্বহীদ পৰিয়ালৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সম্পাদক গৰাকীয়ে ৷
শ্বহীদ পৰিয়ালক উচিত ন্যায় আৰু ক্ষতিপূৰণ দিবই লাগিবঃ লুৰিণজ্যোতি উল্লেখ্য যে, ১৯৯৪ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰিছিল পাঁচজনকৈ আছু নেতাক ৷ সেনাৰ গুলীত মৃত্যু হোৱা শ্বহীদ প্ৰদীপ দত্তৰ মাতৃৰ আদ্যশ্ৰাদ্ধত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ তালাপ চহৰৰ মাজ মজিয়াত থকা বাসগৃহত আয়োজন কৰা আদ্যশ্ৰাদ্ধ উপস্থিত থাকি আছু নেতা গৰাকীয়ে বিগত আঢ়ৈটা দশকত পঞ্চ শ্বহীদ সকলৰ আত্মাই ন্যায় নোপোৱাৰ লগতে চৰকাৰে পৰিয়ালক কোনো সহাৰি নিদিয়া বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ তাৰোপৰি, সেনাৰ হাতত মুত্যু হোৱা ছাত্ৰ সন্থাৰ 5 জনকৈ ছাত্ৰ নেতাৰ পৰিয়ালক আজিকোপতি চৰকাৰে ক্ষতিপূৰণ প্ৰদান নকৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে ৷
সেই সময়ৰ আছুৰ সভাপতি হিচাপে থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্যকাল চাৰি বছৰ উকলি যোৱাৰ পিছতো কিয় পঞ্চ শ্বহীদক ন্যায় প্ৰদান নহ'ল বুলি মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰশ্ন উথাপন কৰে নেতা গৰাকীয়ে ৷ অতি সোনকলে হত্যাকাৰীক শাস্তি প্ৰদান কৰি শ্বহীদক ন্যায় আৰু পৰিয়াল কেইটাক উচিত ক্ষতিপূৰৰ্ণৰ দাবী জনায় আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷
উল্লেখ্য যে, ১৯৯৪ চনৰ ২২ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় সেনাই সেই সময়ৰ আছু নেতা ক্ৰমে প্ৰবীন সোণোৱাল, প্ৰদীপ দত্ত, অখিল সোণোৱাল, দেৱজিৎ বিশ্বাস আৰু ভবেন মৰাণ নামৰ পাঁচজন আছু নেতাক নিৰ্মমভাবে গুলীয়াই হত্যা কৰিছিল ৷ তেতিয়াৰ আছুৰ সভাপতি সৰ্বানন্দ সোণোৱলৰ নেতৃত্বত সমগ্ৰ অসমতে উক্ত হত্যাৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু পাঁচজন আছু নেতাক পঞ্চ শ্বহীদ ঘোষণা কৰিছিল সদৌ অসম ছাত্ৰ সন্থায় ৷
লগতে পঢ়ক- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীত আছুৰ প্ৰতিবাদ