নিউজ ডেস্ক, 10 ডিচেম্বৰ: এয়া মঙলবাৰৰৰঙিয়াৰ দৃশ্য ৷ লোকসভাত বিধেয়ক গৃহিত হোৱাৰ পিচতে ৰঙিয়া আছুৰ প্ৰায় তিনিশতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া ৰেলপথত টায়াৰ জ্বলাই ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। এই অৱৰোধ কাৰ্যসূচীত স্থানীয় ৰাইজে আহি সংগ দি নিমাতী কইনা সৰ্বানন্দ সোণোৱাল হায় হায়, আহ ঐ আহ ওলাই আহ শ্লোগানেৰে ৰেলপথ উত্তাল কৰি তোলে। ফলত যাত্ৰীৰ মাজত হুৱা-দোৱা সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামৰূপৰ কেন্দুকোনাতো পুঠিমাৰি ছাত্ৰ সন্থাই ৰেলপথ অবৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷
মঙলবাৰেও ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ - মঙলবাৰেও ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ
এই মুহূৰ্তত তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত জাতি-জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে বাইহাটাত দেখা পোৱা গ'ল বন্ধ সমৰ্থনকাৰীৰ এক অন্য ৰূপ ৷ তীব্ৰ প্ৰতিবাদৰ মাজতে বন্ধ সমৰ্থনকাৰীয়ে পথ এৰি দিয়ে এম্বুলেন্সক ৷ পুনৰ প্ৰতিবাদত লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷
এই মুহূৰ্তত তিনিচুকীয়া জিলা কাৰাগাৰৰ সন্মুখতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত জাতি-জনগোষ্ঠীয় দল সংগঠন একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে বাইহাটাত দেখা পোৱা গ'ল বন্ধ সমৰ্থনকাৰীৰ এক অন্য ৰূপ ৷ তীব্ৰ প্ৰতিবাদৰ মাজতে বন্ধ সমৰ্থনকাৰীয়ে এম্বুলেন্সক পথ এৰি দি পুনৰ প্ৰতিবাদত লিপ্ত হয় ৷ আনহাতে বিধেয়কখনৰ প্ৰতিবাদত আজি নেছ'ই আহ্বান কৰা 11 ঘন্টীয়া উত্তৰ পূব বন্ধৰ সময়ত কাছাৰৰ বহু গ্ৰাম্য অঞ্চলত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ বন্ধ সমৰ্থনকাৰী সকলে পুৱাৰে পৰা টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে কাছাৰ জিলাৰ সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ বাঁশকান্দি, শিলচৰৰ সোণাইৰোড নাগাটিলা, ৰংপুৰ, লাঠিগ্ৰাম আদি স্থানত পথ অৱৰোধ কৰে ৷ উল্লেখ্য যে,ৰংপুৰত খিলঞ্জীয়া অসম সুৰক্ষা কমিটীৰ সাধাৰণ সম্পাদক হেৰাজিত সিংহ সহ কেবাজনো বন্ধ সমৰ্থনকাৰীক আৰক্ষীয়ে আটক কৰে ৷
আনহাতেমাজুলীতো১১ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখা পোৱা যায় ৷ প্ৰতিবাদৰ মাজতে পুৱ মাজুলীৰ প্ৰতিবাদীকাৰীয়ে আক্ৰমণ কৰে বহিৰাগত বেপাৰীক। আনহাতে গড়মূৰ সদৰত অৰ্ধ উলংগ হৈ প্ৰতিবাদত নামে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ।