তিনিচুকীয়া, 4 অক্টোবৰ : অসম-অৰুণাচল সীমান্তত আছাম ৰাইফলছক আক্ৰমণ ৷ টহলদাৰী আছাম ৰাইফলছৰ গাড়ীলৈ লক্ষ্য কৰি উগ্ৰপন্থীৰ গুলীচালনা ৷ উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হয় আছাম ৰাইফলছৰ 2 জোৱান ৷ অৰুণাচলৰ চাংলাঙৰ হেটলং অঞ্চলত এই ঘটনা ৷ এতিয়াও হেটলঙত গুলীচালনাৰ ঘটনা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আছাম ৰাইফলছৰ ফালৰ পৰা এতিয়ালৈকে কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা হোৱা নাই ৷
এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান - এনএছচিএন আই এম আৰু আলফা স্বাধীন
অৰুণাচলত আছাম ৰাইফলছৰ সৈতে ভয়াৱহ সংঘটিত লিপ্ত হয় এনএছচিএন আই এম আৰু আলফা স্বাধীন ৷
![এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9046787-thumbnail-3x2-0.jpg)
এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান
এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান
আনহাতে এই আক্ৰমণৰ লগতে জিলাখনৰ মানমাওত চাৰিটাকৈ IED বিস্ফোৰণো সংঘটিত হয় ৷ এই বিস্ফোৰণত 19 আছাম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ লগতে আন এজন জোৱান আহত হোৱাৰ বিষয়ে জানিব পৰা গৈছে ৷ IED আক্ৰমনৰ ঘটনাত কোন উগ্ৰপন্থী সংগঠন জড়িত আছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ বিস্ফোৰণত নিহত ৰাইফলমেনজন বীৰেন্দ্ৰ সিং যাদৱ বুলি জানিব পৰা গৈছে ৷ আনহাতে আহত হৈছে নৰেন্দ্ৰ ভাট নামৰ এজন ৰাইফলমেন ৷
লগতে পঢ়ক :গালৱান সংঘৰ্ষৰ শ্বহীদৰ নামেৰে লাডাখত স্মাৰক নিৰ্মাণ