শদিয়া, 6 আগষ্ট :সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক সদস্যই নিশা কাকপথাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্য বিৰোধী অভিযান চলায় ৷ কাকপথাৰৰ বিভিন্ন গাঁও,চহৰ অঞ্চলত চলোৱা অভিযানত 30 টাতকৈ অধিক কানিৰ খোলা,20 টাতকৈ অধিক চুলাই মদৰ ভাটি ভাঙি উচ্ছেদ কৰাৰ লগতে প্ৰায় তিনিশ লিটাৰ চুলাই পেলাই নষ্ট কৰে ৷ মাদক দ্ৰব্য বিৰোধী অভিযান পৰৱৰ্তী পৰ্যায়তো অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে সংগঠনটোৱে ৷
কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ মাদক দ্ৰব্য বিৰোধী অভিযান
কাকপথাৰৰ বিভিন্ন গাঁও,চহৰ অঞ্চলত মৰাণ ছাত্ৰ সন্থাই মাদক দ্ৰব্য বিৰোধী অভিযান চলায় ৷ অভিযানত বহু দ্ৰব্য উৎখাত কৰে সংগঠনৰ সদস্যই ৷
ইয়াৰোপৰি,আৰক্ষী আৰু আবকাৰী বিভাগে এনে অবৈধ মাদক দ্ৰব্যৰ চোৰাং বেপাৰীৰ লগত মিতিৰালি কৰি থকাৰ বাবেই অঞ্চলটোত দিনক দিনে এনে কাৰ্যকালাপ বৃদ্ধি পাই অহা বুলি গুৰুতৰ অভিযোগ উথাপন কৰে সংগঠনৰ সদস্যই ৷ সময় থাকোতেই ৰাজ্যৰ বিয়াগোম আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ে এনে অবৈধ মাদক দ্ৰব্য ব্যৱসায়ীৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আৰক্ষী তথা আবকাৰী বিভাগ জগৰীয়া হ'ব বুলি সংগঠনটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড:লক্ষাধিক মূল্যৰ সম্পত্তি বিনষ্ট
TAGGED:
মাদক দ্ৰব্য বিৰোধী অভিযান