তিনিচুকীয়া, 21 জুলাই :বুধবাৰে পুৱতি নিশা ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধৰ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত অইল ইণ্ডিয়া লিমিটেড (Oil India Limited) ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতী ওলাই আহি দুৰ্গাবাৰী অঞ্চলত প্ৰৱেশ কৰে ৷ কেইবাঘণ্টা ধৰি হাতীটোৱে মানুহৰ বাৰীৰ কল, কুঁহিয়াৰ, কঠাল, আনাৰস আদি খাই পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত চিত্তৰঞ্জন চক্ৰৱৰ্তী (৭১) নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰে ।
বন্যহস্তীটোৱে ঘৰটোত প্ৰৱেশ কৰিয়ে প্ৰথমে বাসগৃহৰ এটা খুঁটা ভাঙে ৷ ৭১ বছৰীয়া বৃদ্ধাগৰাকীয়ে ঘৰটোত গৰু সোমোৱা বুলি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷ তেনে সময়তে হাতীটোৱে চোঁচা লৈ বৃদ্ধগৰাকীক ঘৰৰ বাৰান্দাতে আক্ৰমণ কৰে । এই আক্ৰমণত বৃদ্ধগৰাকী গুৰুতৰভাৱে আহত হয় ৷ অৱশেষত পুৱা শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধগৰাকীয়ে ।
উল্লেখযোগ্য যে, বিগত প্ৰায় তিনিবছৰ মানৰ পৰাই বন্যহস্তীৰ এটা জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বুলি স্থানীয় ৰাইজে সদৰী কৰে ৷