তিনিচুকীয়া, 25 আগষ্ট :অসম সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তত আন্তঃ ৰাজ্যিক চেকগেট স্থায়ীভাৱে স্থাপন কৰাৰ দীৰ্ঘদিনীয়া দাবীত বৰ্তমানেও অটল আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচাত অৰুণাচল প্ৰদেশৰ গেটৰ সন্মুখত বুধবাৰে প্ৰতীকী চেকগেট স্থাপন কৰি আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱর্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।
ajycp-protest-inner-line-permit-demand-in-bordhumsa ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰাই অসম তথা অসমৰ খিলঞ্জীয়া লোকৰ ভাষা, সংস্কৃতি, সাহিত্য, ঐতিহ্য, পৰম্পৰা আৰু জনগাঁঠনি যাতে চিৰদিনৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ বাবে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে । পৰিষদৰ এই গণতান্ত্ৰিক আন্দোলনক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰি আজি পৰ্যন্ত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবর্তনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।
লগতে পঢ়কঃ জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা
যাৰ ফলশ্ৰুতিত বুধবাৰে যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত ডিগবৈ আঞ্চলিক সমিতিৰ আৰু পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিৰ উদ্যোগত অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা গেটৰ সন্মুখত প্ৰতীকী চেকগে’ট স্থাপনেৰে অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ( ইনাৰ লাইন পাৰ্মিট) প্ৰৱর্তনৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ।
প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে কেইবাঘণ্টা যোৰা প্ৰতিবাদ সাব্যস্ত কৰি অসম তথা খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ পত্ৰ ( ইনাৰ লাইন পাৰ্মিট) প্ৰৱর্তনৰ ব্যৱস্থা কৰক, অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰক, অসমৰ পৰা বিদেশী বিতাৰণ কৰক, খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক পাৰ পত্ৰ চেক গেট স্থাপনৰ বাবে সংগঠনটোৱে কৰা দাবীক চৰকাৰে কেনেদৰে হাতত লয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়কঃ ট'কিঅ' অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা