ডুমডুমা, 12 নৱেম্বৰ : তালাপ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক ৷
দ্ৰুতবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুণ্ডা মাৰে । ফলত বাইক চালক বিদেন সুৰেন (36) নিহত হয় আৰু মনচুক বাৰলা গুৰুতৰভাৱে আহত হয় ৷