অসম

assam

By

Published : Jul 27, 2020, 7:27 PM IST

ETV Bharat / city

ডুমডুমাৰ ফিল’বাৰীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ আটছাৰ

পথ নিৰ্মাণৰ লগতে দলঙৰ পৰা পৰি মৃত্যু হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত ডুমডুমাৰ ফিল’বাৰী সংযোগী পথত উত্তাল প্ৰতিবাদ চাহ জনজাতী ছাত্ৰ সন্থাৰ ৷

AATSA Protest Against Govt At Dumduma Sadia
ডুমডুমাৰ ফিল’বাৰীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ আটছাৰ

শদিয়া, 27 জুলাইঃ ৰাজেশ চবৰ আৰু গংগা মুণ্ডা নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ডুমডুমা বৰডুবি চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম চাহ জনজাতী ছাত্ৰ সন্থাই (আটছা) ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

ডুমডুমাৰ ফিল’বাৰীত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ আটছাৰ

সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা খনতো নেৰা নেপেৰা বৰষুণৰ ফলত জিলা খনৰ ডুমডুমা বৰডুবি,ফিল’বাৰী সংযোগী পথত থকা দলং খন বাঢ়নী পানীয়ে ভাঙি পেলোৱাত ব্যাহত হৈ পৰিছে যাতায়াত সেৱা ৷ উল্লেখ্য যে,দলং খন বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পাছত ৰাজেশ চবৰ (৪৫) আৰু গংগা মুণ্ডা (৪৪) নামৰ এগৰাকী মহিলাৰ দলং খনৰ পৰা পৰি মৃত্যু হয় ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) জাঙুৰ খাই উঠিছে ৷ সংগঠনটোৰ বৰডুবি প্ৰাথমিক সমিতিৰ প্ৰায় শতাধিক কৰ্মীয়ে শীঘ্ৰেই দলং খন নিৰ্মাণ কৰা আৰু দলঙৰ পৰা পৰি মৃত্যু হোৱা দুয়োগৰাকী লোকৰ পৰিয়ালক দহ লাখ টকাকৈ ক্ষতিপূৰণৰ দাবীত পথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ লগতে চৰকাৰ বিৰুদ্ধে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে,ডুমডুমা,বৰডুবি,ফিলবাৰী সংযোগী অঞ্চলৰ যাতায়তৰ একমাত্ৰ ভৰষা তিনিদলং নামৰ এইখন দলং ৷ দীৰ্ঘ দিনৰ পৰাই উক্ত দলং খন মেৰামতিৰ বাবে বিভিন্ন সময়ত ডুমডুমা আৰু কাকপথাৰ আটছাই বিভিন্ন কাৰ্যসূচী হাতত লৈ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল ৷ তৎস্বতেও চৰকাৰ- প্ৰশাসনে বিষয়তোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াত যোৱা কেইবাদিনে হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ডুমডুমা,বৰডুবি,ফিলবাৰীৰ সংযোগী গড়কাপ্তনী পথৰ দলং খন ভাঙি পৰে । শেহতীয়াকৈ কৰ'ণা আতংকৰ মাজতে উক্ত ভগ্নপ্ৰায় দলং খন পৰিদৰ্শন কৰি শীঘ্ৰেই নিৰ্মাণৰ প্ৰতিশ্ৰুতিও দি যায় সাংসদ প্ৰদান বৰুৱাই ৷ কিন্তু আজি পৰ্যন্ত উক্ত দলং খন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপঃ নাৰায়ণপুৰত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details