অসম

assam

ETV Bharat / city

ডুমডুমাত আদিবাসী ছাত্ৰ সন্থা অৱস্থান ধৰ্মঘট - চাহ জনগোষ্ঠীয় লোক

ডুমডুমাত বছৰ-বছৰ ধৰি চাহ জনগোষ্ঠীয় লোক সকলক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আদিবাসী ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

AASA Protest Against Govt At Dumduma
ডুমডুমাত আদিবাসী ছাত্ৰ সন্থা অৱস্থান ধৰ্মঘট

By

Published : Sep 1, 2020, 7:57 PM IST

ডুমডুমা,1 আগষ্টঃবছৰ -বছৰ ধৰি কোনো এখন চৰকাৰে আদিবাসী লোক সকলৰ সমস্যা সমূহ সমাধানৰ বাবে কোনো ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰে আদিবাসী লোক সকল ৷ দীৰ্ঘ দিন ধৰি আদিবাসী লোক সকলৰ সমস্যাবোৰ সমাধান কৰিবলৈ আহ্বান জনাই অহাৰ পিছতো কোনো চৰকাৰেই গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে আদিবাসী ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷

ডুমডুমাত আদিবাসী ছাত্ৰ সন্থা অৱস্থান ধৰ্মঘট

উক্ত ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰে তিনিচুকীয়াৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । আদিবাসী সকলক জনজাতিকৰণ প্ৰদান কৰা, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ শ্ৰমিক সকলৰ আবাস গৃহ সমূহৰ মাটিৰ পাট্টা প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী পালন কৰে । অতি শীঘ্ৰেই সংগঠনটোৰ এই দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান দিয়ে ।

লগতে পঢ়ক-দ্বিতীয় দিনাও অব্যাহত পৌৰ নিকায় কৰ্মচাৰীৰ ধৰ্মঘট

ABOUT THE AUTHOR

...view details