অসম

assam

ETV Bharat / city

108 ৰ গাফিলতিত প্ৰাণ গ'ল এজন লোকৰ

ৰাজ্যত পুনৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে । 108 কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ ফলতেই এজন ব্যক্তিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

108 ৰ গাফিলতিত প্ৰাণ গ'ল এজন লোকৰ
108 ৰ গাফিলতিত প্ৰাণ গ'ল এজন লোকৰ

By

Published : Jan 23, 2021, 10:17 PM IST

ডুমডুমা,23 জানুৱাৰী : ৰাজ্যত পুনৰ পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ । ধলা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাটি বনগাওঁৰ নিবাসী প্ৰফুল্ল কন্দ নামৰ এজন লোক দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ আছিল । আজি হঠাৎ লোকজনৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকসকলৰ লগতে স্থানীয় ৰাইজে জৰুৰীকালীন সেৱা 108 ত ফোন কৰে যদিও কোনো ধৰণৰ সঁহাৰি নোপোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

108 ৰ গাফিলতিত প্ৰাণ গ'ল এজন লোকৰ

ইফালে, প্ৰায় ৪/৫ ঘন্টা ধৰি লোকজনক চিকিৎসালয়লৈ নিয়াৰ কোনো ধৰণৰ বাহনৰ ব্যৱস্থা কৰিব নোৱৰাত লোকজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই সমগ্ৰ ধলা অঞ্চলতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি মৃত্যুৰ প্ৰায় ৪ ঘণ্টা পূৰ্বৰে পৰা 108 লৈ ফোন কৰিও কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ লগতে বিভিন্ন অজুহাত দেখুৱাই উক্ত স্থানলৈ 108 ৰ বাহন যোৱাত অমান্তি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখযোগ্য যে, ধলাৰ হাঁহখাটি বনগাঁও বাসীয়ে অঞ্চলটোৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি অহাৰ পাছতো অঞ্চলটোৰ উন্নয়ণৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:নলবাৰীত জাৰি ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details