তেজপুৰ, ২৩ এপ্ৰিল : তেজপুৰ চহৰত ভাৰতীয় বায়ুসেনা বাহিনীৰ উদণ্ড জোৱানৰ শিশু সহ তিনি মহিলা অপদস্থ (Air force persons involved in abusing women) হোৱাৰ অভিযোগ । এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত চেফ্ৰ'ন(Saffron) নামৰ ৰেষ্টুৰেণ্টখনত । অভিযোগ অনুসৰি, সন্তানসহ ৰেষ্টুৰেণ্টত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উভতিবলৈ লিফ্টত উঠোতে লিফ্টৰ বাহিৰৰ পৰা এই তিনিজন সুৰামত্ত জোৱানে কৌশলেৰে প্ৰায় ১০ মিনিট সময় আৱদ্ধ কৰি ৰাখে ৪টা শিশুসহ তিনিগৰাকী মহিলাক ।
ৰেষ্টুৰেণ্টত উপস্থিত থকা কিছু গ্ৰাহকৰ হস্তক্ষেপত মহিলাকেইগৰাকী এই পৰিস্থিতিৰ পৰা হাত সাৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে যুৱককেইজনে । উল্লেখযোগ্য যে, ৰেষ্টুৰেণ্টখনত নাই কোনো নিৰাপত্তাৰক্ষী আৰু CCTV ফুটেজ লাভৰ ব্যৱস্থা । যাৰ বাবেই এই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় শিশুসহ মহিলাকেইগৰাকী । অৱশ্যে, নিৰ্দিষ্টি বিল্ডিংটোৰ CCTV কেমেৰাৰ পৰা লাভ কৰা গৈছে বায়ুসেনাৰ লোক কেইজনৰ কিছু ছবি ৷