অসম

assam

By

Published : Oct 24, 2021, 7:32 PM IST

ETV Bharat / city

গৃহৰক্ষী জোৱানক ছুৰীকাঘাত মহিলাৰ

গৃহৰক্ষী জোৱানক ছুৰীৰে আক্ৰমণ মহিলাৰ ৷ তেজপুৰৰ কুণ্ডাৰবাৰীত দেওবাৰে সংঘটিত হৈছে এই ঘটনাটো ৷

গৃহৰক্ষী জোৱানক ছুৰীকাঘাত মহিলাৰ
Woman stabs home guard at Tezpur

তেজপুৰ, ২৪ অক্টোবৰ : তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ গৃহৰক্ষী জোৱানক ছুৰীকাঘাত মহিলাৰ ৷ তেজপুৰৰ কুণ্ডাৰবাৰীত দেওবাৰে সংঘটিত হৈছে এই ঘটনাটো ৷ আৰক্ষীয়ে জনোৱা অনুসৰি কুণ্ডাৰবাৰীত এপিডিচিএলৰ বিদ্যুৎ কেন্দ্ৰত কৰ্মৰত অৱস্থাত জিতু কুমাৰ নাথ নামৰ গৃহৰক্ষী জোৱানজনক দিনৰ প্ৰায় ১১.৩০ বজাত ৰিন্তি শইকীয়া দেবী নামৰ এগৰাকী মহিলাই লগত লুকুৱাই অনা এখন ডেগাৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷

পেটত গুৰুতৰ আঘাত পোৱা গৃহৰক্ষী জোৱান জিতু বৰ্তমান তেজপুৰ ব্যাপ্তিষ্ট মিচন হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আক্ৰমণকাৰী মহিলাগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান প্ৰয়াত মন্টু নাথৰ পত্নী ৷ পিঠাখোৱাৰ কমাৰ চুবুৰীৰ এইগৰাকী মহিলাৰ স্বামীৰ প্ৰায় এবছৰ পূৰ্বে তেজপুৰ মানসিক চিকিৎসালয় গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত অস্বাভাৱিক মৃত্যু ঘটিছিল ৷

সেই সময়ত তেওঁৰ লগত কৰ্মৰত হৈ আছিল আন এজন গৃহৰক্ষী জোৱান ৷ সেই ঘটনাক এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল মৃত গৃহৰক্ষী জোৱানজনৰ পত্নী ৰিন্তি শইকীয়া দেবীয়ে ৷ কিন্তু তেওঁ আক্ৰমণ কৰা গৃহৰক্ষী জোৱানজনৰ মহিলাগৰাকীৰ স্বামীৰ ঘটনাৰ সৈতে নাছিল কোনো সম্পৰ্ক ৷

উল্লেখযোগ্য যে, দেওবাৰে প্ৰথমাৱস্থাত আহত জোৱানজনৰ সৈতে স্বাভাৱিকভাৱেই কথা পাতিছিল মহিলাগৰাকীয়ে ৷ কথাৰ মাজতে মহিলাগৰাকীয়ে অতৰ্কিতে জোৱানজনক আক্ৰমণ কৰে ৷ বিদ্যুৎ কেন্দ্ৰটোৰ প্ৰৱেশদ্বাৰত সংঘটিত এই ঘটনাৰ লগে লগে গৃহৰক্ষীজনৰ চিঞৰত একাংশ লোক উপস্থিত হয় ৷ কিন্তু সেই মূহুৰ্ততে আক্ৰমণকাৰী মহিলাগৰাকীয়ে পলায়ন কৰে ৷

পাছত আহত জিতুৰ পিতৃয়ে স্থানীয় বেবেজীয়া আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযুক্ত মহিলাগৰাকীক পিঠাখোৱাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধাপোচা আৰম্ভ কৰিছে ৷ আহত গৃহৰক্ষী জোৱান জিতুৰ ঘৰ জহামাৰীৰ গৰয়া অঞ্চলত ৷ এইপৰ্যন্ত এই ঘটনাৰ আঁৰৰ কাৰণ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক :উপ নিৰ্বাচন : ৫ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

ABOUT THE AUTHOR

...view details