অসম

assam

By

Published : Nov 25, 2019, 7:15 PM IST

ETV Bharat / city

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

শোণিতপুৰ বিহগুৰি গাঁৱত দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন কৃষকৰ ৷ তাৰ বিপৰীতে চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কুংক্ৰাঝোৰাত মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় নেৰছন বসুমতাৰী নামৰ যুৱকজনৰ ৷

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

নিউজ ডেস্ক, 25 ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ একেটা নিশাতে অসমৰ দুই মূৰত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল দুজনকৈ লোকৰ ৷ শোণিতপুৰ বিহগুৰি গাঁৱত দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন কৃষকৰ ৷ তাৰ বিপৰীতে চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কুংক্ৰাঝোৰাত মানাহৰ পৰা ওলাই অহা বন্য হস্তীৰ আক্ৰমণত মৃত্যু হয় নেৰছন বসুমতাৰী নামৰ যুৱকজনৰ ৷ একেটা অঞ্চলৰ গোপেশ নাৰ্জাৰী নামৰ লোকজনো হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

আনহাতে, শোণিতপুৰৰ পশ্চিম বন সংমণ্ডলৰ বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ সন্মুখত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ধাননি পথাৰত নামি পথাৰৰ ধান খাই তহিলং কৰে ৷

ABOUT THE AUTHOR

...view details