তেজপুৰ , 7 জুনঃ তেজপুৰৰ সামাজিক অনুষ্ঠান তেজপুৰ জুবিনিয়ানছৰ পৰিবেশ দিৱস উপলক্ষ্যে বিশেষ পদক্ষেপ ৷ শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ বাৰ্তাৰ আঁত ধৰি এক সজাগতামূলক ভিডিঅ' মুকলি কৰে সামাজিক অনুষ্ঠানটোৱে ৷ তৃষাণু ভূঞা ৰ চিন্তা আৰু পৰিকল্পনাৰে আৰু দ্যা ছচিয়েলিষ্ট অৰ্গেনাইজেন আৰু তেজপুৰ জুবিনিয়ানছৰ একক প্ৰচেষ্টাত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই ভিডিঅ'টোৰ জৰিয়তে পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যে ৰাইজলৈ এক সজাগতা মূলক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰে অনুষ্ঠানটোৱে ৷ ৰাজ্যৰ কেইবাগৰাকীও শিল্পী , প্ৰশাসনিক বিষয়া , আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই পৰিবেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰিছে এই ভিডিঅ'টোৰ জড়িয়তে ৷ দেওবাৰে এই ভিডিঅ'টো ইউটিউবত উপলব্ধ হ'ব বুলি জানিবলৈ তেজপুৰ জুবিনিয়ানছৰ সভাপতি তৃষাণু ভূঞাই ৷
তেজপুৰ জুবিনিয়ানছৰ পৰিবেশ দিৱসৰ উপলক্ষে এক বিশেষ ভিডিঅ' মুকলি - তেজপুৰ জুবিনিয়ানছৰ বিশেষ পদক্ষেপ
তেজপুৰ জুবিনিয়ানছৰ উদ্যোগত ৰাজ্যৰ শিল্পী সমাজৰ পৰিবেশ সম্পৰ্কীয় বাৰ্তা প্ৰেৰণ ৷ বিশ্ব পৰিবেশ দিৱস উপলক্ষে এই পদক্ষেপ অনুষ্ঠানটোৰ ৷

তেজপুৰ জুবিনিয়ানছৰ প্ৰশংসনীয় পদক্ষেপ