তেজপুৰ,২৮ অক্টোবৰ :ভাৰত, চীন আৰু তীব্বত সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত ব্যতিক্ৰমী ৰূপত দেখা গ’ল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক ৷ সীমান্তৰ দুৰ্গম বৰফাবৃত্ত অঞ্চলত এখন জীপচি বাহন চলোৱা পৰিলক্ষিত হ’ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুক সহযোগ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷
ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডুৰ - Union minister Kiren Rijiju and Arunachal CM Khandu celebrate diwali
ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত ব্যতিক্ৰম ৰূপত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ ভাৰতীয় বীৰ সেনা জোৱান সকলৰ সৈতে দেৱালী উদযাপন দুই মন্ত্ৰীৰ ৷
ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন
সোমবাৰে দেৱালী উপলক্ষ্যে দুয়োজনে দুৰ্গম পথ অতিক্ৰম কৰি সেনা জোৱান সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মিঠাই বিতৰণ কৰে ৷ ইণ্ডো-চীন সীমান্তত ভাৰতীয় সেনাৰ সৈতে দেৱালী উদযাপন কৰে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ দেৱালীৰ লগতে সীমান্তত থকা জোৱান সকলৰ মাজত সাহস আৰু কৰ্ম উদম্য জগোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে দুয়ো নেতাই ৷
Last Updated : Oct 29, 2019, 9:10 AM IST