তেজপুৰ, 1 জুলাই :কেন্দ্ৰীয় চৰকাৰৰ উড়ান UDAN 4.0ৰ আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ 24 টা বিমানবন্দৰ আধুনিকীকৰণ আৰু অত্যাধুনিক বিমান সংলগ্ন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে যদিও বহুকেইটা বিমান বন্দৰত বিমানৰ সংযোগ হ'বলৈ এতিয়াও বাকী আছে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে বহু সামৰিক গুৰুত্বপূৰ্ণ তেজপুৰ বিমানবন্দৰটো ৷
1942 চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে তেজপুৰ বায়ুসেনা ঘটি স্থাপন কৰা হয় আৰু তাৰ বহু বছৰৰ পিছত অৰ্থাৎ 1992 চনত তেজপুৰ বিমানবন্দৰত অসামৰিক বিমানৰ টাৰ্মিনেলৰ কাম আৰম্ভ হয় ৷ 2001 ত নতুন টাৰ্মিনেলৰ কাম ব্যক্তিগতভাৱে সম্পন্ন হয় । কিন্ত অত্যাধিক ব্যৱসায়িক সুবিধা থকাৰ পিছতো তেজপুৰ বিমানবন্দৰত ইণ্ডিয়ান এয়াৰ লাইনছৰ এখন এটিআৰ বিমানহে চলাচল হৈ আছে । তেজপুৰ বিমানবন্দৰত অসমৰ মুঠ 6খন জিলাক সামৰি বহুতো যাত্ৰীৰ সমাগম হয় যদিও যাত্ৰীয়ে বিচৰাধৰণে দৈনন্দিনভিত্তিক কোনো বিমানৰ সংযোগ কৰা নাই ভাৰত চৰকাৰে ।
দৈনিক বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী আৰ এন সিঙৰ পৰা জানিব পৰা মতে, ইতিমধ্যে এখন ব্যক্তিগত খণ্ডৰ বিমান অতি সোনকালে সংযুক্ত হোৱাৰ কথা চলি আছে যদিও কোভিড-19 মহামাৰীৰ বাবে সেইয়া অক্টোৱৰ মাহৰ লৈকে স্থগিত হৈ পৰিছে । অক্টোৱৰ মাহৰ পৰা নতুন বিমান কলকতাৰ পৰা পোনপটীয়াকৈ চলাৰ সম্ভাৱনা আছে । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।