তেজপুৰ,5 মে': ৰাজ্যৰ আন আন জিলাৰ দৰে শোণিতপুৰ জিলাতো ক’ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ক’ভিডত শোণিতপুৰ জিলাত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই ৰাইজক শংকিত কৰি তুলিছে ৷ বুধবাৰে শোণিতপুৰ জিলাত ক’ভিডত আক্ৰান্ত হৈ দুজনকৈ লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু
আন আন জিলাৰ দৰে শোণিতপুৰ জিলাতো ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ বুধবাৰে শোণিতপুৰ জিলাত ক’ভিডত আক্ৰান্ত হৈ দুজনকৈ লোকৰ মৃত্যু ৷ এদিনতে জিলাখনত আক্ৰান্ত ১৫৯ গৰাকী ৷
শোণিতপুৰত কৰ’ণাত আক্ৰান্ত হৈ দুজনৰ মৃত্যু
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বুধবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ক্ৰমে ঢেকীয়াজুলিৰ সত্যৰঞ্জন দত্ত(৬৭) আৰু ছাদত আলী(৭০) ৰ ৷ বুধবাৰে জিলাখনত নতুনকৈ মুঠ ১৫৯ গৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণাৰ উপস্থিতি ধৰা পৰে । বুধবাৰৰ দিনটোত জিলাখনত ৬০৬ গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাত জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷
লগতে পঢ়ক :বিধানসভালৈ ৪৬ খন নতুন মুখ: ১৮ জনেই বিজেপিৰ