তেজপুৰ, ১৬ মে’: শোণিতপুৰ জিলাত দেওবাৰৰ দিনটোত 3 জন লোকৰ ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । লগতে দেওবাৰৰ দিনটোত নতুনকৈ 98 গৰাকীকৈ লোক আক্ৰান্ত হয় ৷
আনহাতে, জিলাখনত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈ পাঁচজন লোকৰ মৃত্যু ঘটিছে ৷ তদুপৰি জিলাত ক’ভিডত সঘনাই মৃত্যু হোৱা ঘটনাই ৰাইজৰ মাজত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে । জিলাখনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পালে ।
শোণিতপুৰ জিলাত কৰ’ণাত আক্ৰান্ত হৈ 3 জনৰ মৃত্যু বিগত ২৪ ঘন্টাত শোণিতপুৰ জিলাখনত হোৱা পৰীক্ষাত নতুনকৈ আৰু ৪০৩ জন লোক কৰ’ণাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে ৷ ক’ভিডৰ দ্বিতীয়টো ঢৌ'ত এই পৰ্যন্ত শোণিতপুৰত এটা দিনত এয়েই বৃহৎ সংখ্যক লোক আক্ৰান্ত হোৱাৰ তথ্য ৷
উল্লেখযোগ্য যে, কৰ’ণাত আক্ৰান্ত হৈ দেওবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ঘোঁৰামাৰি বৰপাট গাঁৱৰ ভূৱন চন্দ্ৰ মেধি (৮২), তেজপুৰ পলফিল্ড নিৱাসী ৰাজীৱ কলিতা (৬০) আৰু তেজপুৰ চানমাৰীৰ সবিতা শৰ্মা(৭৬) ৰ মৃত্যু ঘটাৰ বিপৰীতে দেওবাৰে তেজপুৰ দোলাবাৰীৰ ৰেখা থাপ্পা (৩৮) আৰু পৰোৱা নুৰবাৰীৰ সুভাষ কৰ্মকাৰ (৩০) ৰ মৃত্যু ঘটে ৷দেওবাৰৰ দিনলৈ জিলাখনত মুঠ ১৫৬৭ জন কৰ’ণাত আক্ৰান্ত ঘৰ তথা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়ক :শোণিতপুৰৰ উপায়ুক্ত মনোবেন্দ্ৰ প্ৰতাপ সিঙকক বদলি