অসম

assam

ETV Bharat / city

জেমিথাং সীমান্তৰ গাঁওবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন - ভাৰত-চীন সীমান্ত

পশ্চিম অৰুণাচলৰ টাৱাং জিলাৰ জেমিথাং সীমান্তৰ পৰা গাঁওবাসীক আঁতৰোৱাৰ তথ্য অস্বীকাৰ সেনা আৰু টাৱাং জিলা প্ৰশাসনৰ ৷

জেমিথাংৰ সীমান্তৰ গাঁওৰ লোকক আঁতৰোৱাৰ কথা ভিত্তিহীন
জেমিথাংৰ সীমান্তৰ গাঁওৰ লোকক আঁতৰোৱাৰ কথা ভিত্তিহীন

By

Published : Sep 9, 2020, 8:21 PM IST

Updated : Sep 9, 2020, 8:51 PM IST

তেজপুৰ, 9 ছেপ্তেম্বৰ :ভাৰত-চীন সীমান্তত উত্তেজনাময় পৰিৱেশ বিৰাজ কৰা মাজতেই চৰ্চা লাভ কৰিছেভাৰত-তিব্বত-চীন সীমান্তৰ পৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং গাঁও খালি কৰোৱাৰ কথা । সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতীয় সেনাই এই সীমান্তৰ পৰা গাঁওবাসীক আঁতৰাই পঠিয়াইছে ।

জেমিথাং সীমান্তৰ গাঁওবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন

কিন্তু এই খবৰ পোহৰলৈ অহাৰ পাচতেই সমগ্ৰ ঘটনাৰ বিষয়ে ইটিভি ভাৰতৰ পৰা টাৱাং জিলাৰ উপায়ুক্ত এছ ফোন্টসক (Sang Phuntsok) যোগাযোগ কৰাত, ‘‘এই সমগ্ৰ তথ্য ভিত্তিহীন আৰু এনে কোনো ঘটনা সংঘটিত হোৱা নাই’’বুলি স্পষ্ট কৰে উপায়ুক্তগৰাকীয়ে ।

তেওঁ লগতে কয় যে,জেমিথাং অঞ্চলৰ ট্যাক্সিন গাঁৱত প্ৰায় 200 লোকে বাস কৰি আছে ৷ কিন্তু এইখন কোনো ৰাজহ গাঁও নহয় আৰু স্থায়ীভাৱে থকা লোকো নহয়, কিন্তু সীমান্তৰ পৰা কিছু নিলগতেই অৱস্থিত । উক্ত অঞ্চলত এটা বুদ্ধৰ মঠও আছে আৰু অধিকাংশ লোক বৰ্ডাৰ ৰোড্ছ অর্গেনাইজেশ্যনৰ বনুৱা হিচাপে কৰ্মৰত বুলি জানিবলৈ দিয়ে ।

জেমিথাংৰ সীমান্তৰ পৰা গাঁওবাসীক আঁতৰোৱাৰ তথ্য অস্বীকাৰ ; সেনা আৰু টাৱাং জিলা প্ৰশাসনৰ

আনহাতে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ তেজপুৰস্থ লে.কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেও ইটিভি ভাৰতক জনায় যে, ই এক ভিত্তিহীন বাতৰি এনেধৰণৰ কোনো ঘটনা উক্ত স্থানত সংঘটিত হোৱা নাই

লগতে চাওক-প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

Last Updated : Sep 9, 2020, 8:51 PM IST

ABOUT THE AUTHOR

...view details