গুৱাহাটী, ১১ জানুৱাৰী : ৰাজ্যত ক'ভিডৰ সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে (Covid cases increasing in Assam)। মাত্র এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ হাৰ প্রায় ৫ গুণলৈ বৃদ্ধি পাইছে । মঙলবাৰে ৰাজ্যখনত ২৮৩৭ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৮৭০ গৰাকী গুৱাহাটী মহানগৰীৰ (Acovid cases in Guwahati city)। আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ । মঙলবাৰে ৰাজ্যখনত ৪৯,৮৪০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । দিনক দিনে আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।
আনহাতে, নতুন বছৰটোত এই পর্যন্ত অসমত ক'ভিড আক্ৰান্তৰ সংখ্যাই ৮ হাজাৰৰ সীমা অতিক্রম কৰিছে । ইফালে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে পুনৰ ৰাজ্যজুৰি কঠোৰভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে (Covid SOP issued in Assam) । চৰকাৰে ভেকচিন নােলােৱা লােকসকলক সকলাে ক্ষেত্ৰতে কঠোৰ বাধা নিষেধ জাৰি কৰাত এতিয়া পুনৰ ভেকচিন কেন্দ্ৰসমূহত ভেকচিন ল’বলৈ যােৱা লােকৰ ভিৰ বৃদ্ধি পাইছে ।
একেদৰে ক'ভিড বিধিৰ বাবে এটাৰ পাছত এটাকৈ ৰাজহুৱা অনুষ্ঠান পিছুৱাই দিয়া হৈছে নতুবা বাতিল কৰা হৈছে । ইফালে ১০ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি তৃতীয় পালি ভেকচিন বা বুষ্টাৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে (Booster dose vaccination in Assam)।
উল্লেখ্য যে, দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ৰাজ্যখনত সংক্ৰমণৰ হাৰে ৬ শতাংশ অতিক্ৰম কৰিছে । বছৰটোৰ প্রথমটো দিনত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ আছিল মাত্র ০.৭৭ শতাংশ । কিন্তু ইয়াৰ বিপৰীতে ৯ জানুৱাৰীত আক্ৰান্তৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পায় । যোৱা 1 জানুৱাৰীত ৰাজ্যত মুঠ ৯৮৮ গৰাকী লােক ক'ভিডত আক্রান্ত হৈছিল আৰু ইয়াৰে ৪৯০ গৰাকী আছিল কামৰূপ মহানগৰ জিলাৰ ।
চলিত বছৰটোত এই পর্যন্ত ৰাজ্যত ক'ভিড আক্রান্ত হৈ ১৭ জন লােকৰ মৃত্যু হৈছে । আনহাতে অসমৰ সর্বাধিক সংক্রমণ এই পর্যন্ত কামৰূপ মহানগৰ জিলাত হৈছে । জিলাখনত বছৰটোৰ প্রথম দিনটোত যিমান লােক ক'ভিডত আক্ৰান্ত হৈছিল ৷ পৰৱর্তী পর্যায়ত এই পর্যন্ত আক্ৰান্তৰ সংখ্যাই প্রায় ৭ গুণ স্পর্শ কৰিছে গৈ । গুৱাহাটী মহানগৰীত কৰ'ণাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিগত ১০ টা দিনত কেৱল গুৱাহাটী মহানগৰীতে ক’ভিডত আক্রান্ত হৈছে চাৰি সহস্ৰাধিক লোক ।