তেজপুৰ,১০ মে': ৰাজ্যজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড 19 ৰ সংক্ৰমণ ৷ শোণিতপুৰ জিলাৰ গ্ৰাম্য অঞ্চলৰ লগতে চাহ বাগানতো ক’ভিড-19 ৰ সংক্ৰমণ হৈছে ৷ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে এক নিৰ্দেশযোগে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ শোণিতপুৰ জিলাৰ সকলো সাপ্তাহিক আৰু তিনিদিনীয়া বজাৰ তাৎক্ষণিকভাৱে বন্ধ ঘোষণা কৰিছে ।
শোণিতপুৰৰ সকলো সাপ্তাহিক-তিনিদিনীয়া বজাৰ বন্ধ - শোণিতপুৰ জিলা
শোণিতপুৰ জিলাত ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ ৷ 31 মে'লৈ সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ জিলা উপায়ুক্তৰ ৷
শোণিতপুৰ জিলাৰ সকলো সাপ্তাহিক, তিনিদিনীয়া বজাৰ বন্ধ
জন সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে জিলা উপায়ুক্তই ৷ জিলাখনত ক’ভিড-১৯ ৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি হোৱাৰ বাবে পৰৱৰ্তী ৩১ মে' লৈকে এই নিৰ্দেশ বাহাল থাকিব বুলি এক জাননীত প্ৰকাশ কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে ৷
লগতে পঢ়ক:দেশত তুলনামূলকভাৱে হ্ৰাস দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা