তেজপুৰ, 2 মে' : লক-ডাউনৰ মাজতেই তেজপুৰৰ উষাপুৰত অদ্ভুত ঘটনা ৷ ৰেচন কাৰ্ড নথকাৰ বাবে ৰাধা সাহানিৰ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰিছিল এক হাজাৰ টকাৰ অৰ্থ সাহায্য ৷
কিন্তু সাহাৰ্য্য প্ৰদানৰ 20 দিন পিছত পঞ্চায়তৰ সদস্যই অৰ্থ সাহায্যখিনি উভতাই লৈ যোৱা ঘটনাই চিন্তিত কৰিছে অঞ্চলবাসী ৷ জানিব পৰা মতে, উষাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কলিবাৰীৰ নিবাসী ৰাধা সাহানিৰ পৰিয়ালে 11 এপ্ৰিল তাৰিখে লাভ কৰিছিল 1 হাজাৰ টকা ৷ উক্ত টকাৰে দৰিদ্ৰ পৰিয়ালটিয়ে যাৱতীয় কিছু সা-সামগ্ৰী কিনি সকাহ পাইছিল যদিও 1 মে'ৰ দিনা পঞ্চায়তটোৰ সদস্যা ৰীমা হাজৰিকাই উক্ত টকা ঘুৰাই বিচাৰে ৷ আনকি টকা ঘুৰাই নিদিলে জেল'লৈ যাব লাগিব বুলিও ভাবুকি দিয়ে পৰিয়ালটিক ৷