তেজপুৰ, 19 ডিচেম্বৰ : ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কলীয়াভোমোৰা দলঙত বিগত অক্টোবৰ মাহত দুটাকৈ বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছিল (Accident in Kaliabhomora Bridge) ৷ লগতে দুজনকৈ চালক হেণ্ডিমেনৰ নোখোজ হৈছিল দুৰ্ঘটনাত ৷ এই চালক হেণ্ডিমেন দুজনৰ এজনৰ শুং সূত্ৰ আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফলত এই দলংখনৰ কাৰিকৰী দিশটোৰ লগতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ(Remedial mesure to reduce accidents on Kaliabhomora bridge) পৰীক্ষা কৰিবলৈ শোণিতপুৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতকে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিং বিভাগৰ লগত এক আলোচনাত মিলিত হয় ৷
উল্লেখ্য যে, অসমত ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত থকা তৃতীয় খন দলং হৈছে শোণিতপুৰ আৰু নগাঁওৰ মাজত অৱস্থিত কলিয়াভোমোৰা ৷ এই দলংখন 1987 চনৰ 14 এপ্ৰিলত তেতিয়াৰ তদানীন্তন ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে উত্তৰ পাৰৰ ৰাইজলৈ ৰঙালী বিহুৰ উপহাৰ হিচাপে প্ৰদান কৰিছিল ।
সম্প্ৰতি আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চলিত বৰ্ষত তেজপুৰত নৱেম্বৰ মাহলৈ মুঠ 171 টা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাত 47 জন লোকৰ মৃত্যু ঘটিছিল ৷ লগতে চলিত বৰ্ষত কলীয়াভোমোৰা দলঙত তিনিটা কৈ ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ৷ ইয়াৰোপৰি কলিয়াভোমোৰা দলঙত বৰ্তমানলৈকে মুঠ 9 টা দুৰ্ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে জানিব দিয়ে ৷