তেজপুৰ, ১৬ মে' : তেজপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত নিজৰ স্বাস্থ্য পৰীক্ষা কৰি আজি এখন সভা অনুষ্ঠিত কৰে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে । সাংসদগৰাকীয়ে বিজেপিৰ দলীয় কৰ্মীসকলক গাঁও আৰু তেনেকুৱা অঞ্চলত গৈ সামাজিক দুৰত্ব বৰ্তাই ৰাখি সজাগতাৰ সৃষ্টি কৰিবলৈ কয় ৷ প্ৰথমে নিজৰ স্বাস্থ্য পৰীক্ষা কৰি আজি এইদৰে দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় দাস ৷
তেজপুৰত দলীয় কৰ্মীক লৈ সজাগতা সভা সাংসদ পল্লৱ লোচনৰ - সাংসদ পল্লৱ লোচন দাস
সাংসদ দাসে আজি নিজৰ স্ক্ৰীনিং কৰি সভাত অংশ গ্ৰহণ কৰে । বহিঃৰাজ্যৰ পৰা শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাৰ চাহবাগিচা সমূহলৈ আহিবলগীয়া লোকসকলৰ বাবে বিশেষ গুৰুত্ব দিবলৈ কয় সাংসদগৰাকীয়ে ৷

তেজপুৰত দলীয় কৰ্মীক লৈ সজাগতা সভা সাংসদ পল্লৱ লোচনৰ
তেজপুৰত দলীয় কৰ্মীক লৈ সজাগতা সভা সাংসদ পল্লৱ লোচনৰ
বহিঃৰাজ্যৰ পৰা আহিবলগীয়া শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ চাহবাগিছাৰ লোকসকলৰ বাবে বিশেষ গুৰুত্ব দিবলৈ তেওঁ কৰ্মীসকলক কয় ৷ ইতিমধ্যে, শোণিতপুৰ জিলাৰ প্ৰায় 500ৰো অধিক লোক বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত আছে ৷ এইসকল লোকৰ ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু প্ৰায়সংখ্যকৰে নিগেটিভ ফলাফল পোৱা গৈছে ৷