প্ৰাৰ্থিত্ব লাভ কৰিয়েই তেজপুৰত উপস্থিত পল্লৱ লোচন দাস
তেজপুৰৰ দৰে সন্মানীয় সমষ্টি এটাত প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দলৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন পল্লৱ লোচন দাসৰ
তেজপুৰ, 23 মাৰ্চ : তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিয়েই শনিবাৰে তেজপুৰত উপস্থিত হয় মন্ত্ৰী পল্লৱলোচন দাস ৷ প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে ভোমোৰাগুৰি সেতুৰ পৰা বিশাল সমদলেৰে তেজপুৰৰ বিজেপি কাৰ্যালয়লৈ আদৰি আনে মন্ত্ৰীগৰাকীক ৷ তেজপুৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈয়ে তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে সমষ্টিটোত উপস্থিত হৈ তেজপুৰৰ উত্তৰ অঞ্চলত পৰি ৰোৱা বহু কাম সম্পূৰ্ণ কৰাৰ লগতে চাহ বাগিচাৰ লোকসকলৰ মাজুৰি ৰ সমস্যা, ক্ষুদ্র চাহ খেতিয়ক সকলৰ উন্নত মানৰ সুবিধাৰ, আৰু নিবনুৱা সমস্যাৰ সমাধান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷