তেজপুৰ,13মাৰ্চ: সাংস্কৃতিক নগৰী তেজপুৰলৈ আহিছে এক সু খবৰ । তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সম্পূৰ্ণম সৰকাৰে উদঘাটন কৰিছে শনিৰ উপগ্ৰহৰ বুকুত জীৱৰ সন্ধান ৷ পখিলা খেদা বয়সতে তেজপুৰৰ শিশু বিজ্ঞানী সম্পূৰ্ণমে 'এনচিলেডাছ' শীৰ্ষক ৰচনা নাছালৈ প্ৰেৰণ কৰিছিল ৷ যাৰ পাচতে নাছাই এই শিতানত অংশ লোৱা কেইবাজনো শিশুক উৎসাহিত কৰি তেওঁলোকৰ চিন্তা-চৰ্চা আৰু উদ্ভাৱনী শক্তিক 'ছাইণ্টিছ ফৰ এ ডে'ৰ উইনাৰ হিচাপে ঘোষণা কৰে ৷ ইপিনে নাছাৰ এই স্বীকৃতিৰ ভিতৰত ভাৰতৰ অন্যতম শিশু বিজ্ঞানীৰূপে তেজ্ঞপুৰৰ সম্পূৰ্ণমক পুৰস্কৃত কৰিছে ৷
নাছাত উজ্বলিল তেজপুৰৰ শিশু বিজ্ঞানী - শিশু বিজ্ঞানী
'এনচিলেডাছ' শীৰ্ষক ৰচনাৰ জৰিয়তে শনিগ্ৰহত জীৱৰ উপস্থিতি সন্ধান দিলে শিশুবিজ্ঞানীয়ে
নাছাত উজ্জলিল তেজপুৰৰ শিশু বিজ্ঞানী
উল্লেখ্য যে শিশু বিজ্ঞানী সম্পূৰ্ণমে নিজ গৃহতে ড্ৰণ প্ৰস্তুত কৰাৰ ওপৰি এনিমেচন ফিল্ম আৰু বিজ্ঞানৰ বিভিন্ন মডেল বনাই বিজ্ঞান ভিত্তিক গৱেষণা অব্যাহত ৰাখিছে ৷