তেজপুৰ, 28 মে' :তেজপুৰ শালনিবাৰী বিমানবন্দৰত আজি প্ৰথমখন ঘৰুৱা বিমানে যাত্ৰা আৰম্ভ কৰে । বিগত 3 মাহত কোনোধৰণৰ বিমানে চলাচল কৰা নাছিল আৰু তাৰ মাজতে দেশৰ কৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হয় ।
তেজপুৰ শালনিবাৰী বিমানবন্দৰত প্ৰথমখন যাত্ৰীবাহী বিমানৰ চলাচল
আজি কলকাতাৰ পৰা গুৱাহাটীৰ বিমানবন্দৰ হৈ অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা তেজপুৰ বিমানবন্দৰত দিনৰ ১১:৩০ বজাত এয়াৰ ইণ্ডিয়াৰ ATR 9i738 বিমানখনে অৱতৰণ কৰে । কলকাতাৰ পৰা অহা ভিক্টৰ ইচ্ছাক ভাৰদ্বাজ (২১) নামৰ অসম ভেলী বিদ্যালয়ৰ ছাত্ৰগৰাকীক সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰি তেজপুৰ আৰক্ষীৰ হাতত স্বাস্থ্য বিভাগে কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰে ।

ইফালে বিমানৰ চলাচল আৰম্ভ হোৱাৰ সময়তে বিমানবন্দৰটো সম্পূৰ্ণৰূপে ছেনিটাইজ কৰা হয় ৷ স্বাস্থ্য বিভাগ, আৰক্ষী আৰু চিআইএছএফৰ দলে নিৰীক্ষণ কৰি বৃহস্পতিবাৰৰ পৰা বিমান সেৱা আৰম্ভণি কৰে । সপ্তাহত তিনিদিন ধৰি চলিবলগীয়া এই বিমান পুনৰ শনিবাৰে যাত্রী লৈ তেজপুৰত উপস্থিত হ'ব । বিমানবন্দৰ প্ৰাধিকাৰী আৰ এন সিঙে জানিবলৈ দিয়ে যে পৰৱৰ্তী সময়ত যাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।