তেজপুৰ, 19 ছেপ্তেম্বৰ :স্মৃতিয়ে জোকাৰি যোৱা ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ মঠ । বৌদ্ধ ধৰ্মাৱলম্বীৰ দীক্ষা আৰু শিক্ষাৰ আশ্ৰম হিমালয়ৰ পাদদেশত অৱস্থিত এছিয়াৰ ভিতৰতে বৃহত্তম এই মঠ ৷ সোণেৰে অলংকৃত এই বৌদ্ধ মঠ ১৬৮০-৮১ চনত আৱিষ্কাৰ কৰিছিল পঞ্চম দালাই লামাই ।
লোক বিশ্বাস মতে, সেই সময়ৰ ৰজা ক্লাৱাংপয়ে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,২০০ মি. উচ্চতাত স্থাপন কৰিছিল এই মঠ ৷ এই মঠৰ ভিতৰচৰাত আছে কেইবাটাও স্তৰ আৰু তৃতীয় মহলাত উপস্থিত হোৱাৰ পাচতহে প্ৰত্যক্ষ কৰিব পাৰি সম্পূৰ্ণ মূৰ্তি । তথ্য অনুসৰি, ১৯৬২ চনত চীনে টাৱাং অতিক্ৰম কৰি কামেং সীমান্তত প্ৰৱেশ কৰাৰ সময়ত এই সোণৰ অলংকৃত বুদ্ধৰ মূৰ্ত্তিৰ ওপৰত শেন চকু পৰিছিল । ২০০৯ চনত এই টাৱাং মঠ নতুনকৈ নিৰ্মান কৰা হৈছিল । প্ৰায় ১০,০০০ জনবসতিৰ টাৱাং চহৰ চীন সীমান্তৰ পৰা মাত্ৰ ২৫ মাইল নিলগত অৱস্থিত । সীমান্তৰ উচ্চ শিখৰত প্ৰায় ১,৮০,০০,০০০ ৰো অধিক ভাৰতীয় সৈন্যই অৱস্থান কৰি আছে আৰু এক সামৰিক বাহিনীৰ ঘাটি নিৰ্মান কৰি বৰ্তমান নতুনকৈ সেনা বাহিনী নিয়োজিত কৰিছে জানিব পৰা গৈছে ।
টাৱাং মনপা জনগোষ্ঠীৰ এই লোকসকলৰ ধর্মীয় মঠ দেশ-বিদেশৰ লোকে ব্যৱহাৰ কৰে উপাসনাস্থলী হিচাপে ৷ কিন্তু বিগত মাৰ্চ মাহৰ লক ডাউনৰ ফলত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে এই পৰ্যটন ক্ষেত্ৰখন ৷